সোণালী সূতাৰ গাঁওখন দাউ দাউকৈ জ্বলিছে

প্ৰকাশ: ১৪ এপ্ৰিল, ২০১৩ | অন্তিম সম্পাদনা: ২১ জুন, ২০২১

(শুৱালকুছিৰ ৰাইজৰ হাতত)

(চিৰা-পিঠা, জেতুকা নালাগে।
ৰাইজে এইবাৰ পোৰা কলিজাৰে পাতিব বিহু!)
xonali-xuta

বিশ্বাস আৰু অবিশ্বাসত বাদুলি ওলমা দিছে মনবোৰে

কঁকালৰ গামোচা পুৰি ছাঁই হ’ল
পচোৱা বতাহত হুমুনিয়াহে ফাকু খেলে

সোণালী সূতাৰ গাঁওখন দাউ দাউকৈ জ্বলিছে
শুকান নৰা হৈ জ্বলিছে সপোন
ডেকেৰুৱা হৃদয়বোৰ এফালৰ পৰা পুৰিছে
বহাগ শাওপাত হ’ল।

ধোঁৱাৰে ক’লা হ’ল সোণালী গাঁৱৰ আকাশ
মানুহে হেৰুৱাইছে ভাত
আধা পোৰা মাকোবোৰ থৰ হ’ল
চকুপানীৰ হৈছে হাট।

সপোন বোটলা নিপুণ হাতবোৰ
তেজেৰে ফুটুকা-ফুটুকি
বাই-ভনী আইৰ গাত কেচেমা-কেচেম গোন্ধ
ঘামৰ নদীৰে বৈ যায় তেজ।

এৰা, জুই আৰু তেজ
ওৰণিৰ তলত
ৰিহাৰ আঁচলত।
পিতাইৰ কামিজত বুলেটৰ চাৰিটা ফুটা।

কুহিলা যেন বুকুবোৰ শিল হৈ পৰিছে
ওঁঠবোৰে হেৰুৱাইছে গান
ঔ-ফুলীয়া গালবোৰ ফাটি-চিটি ৰঙা হ’ল
বহাগোচোন শীত হৈয়ে ৰ’ল।

মুগা ৰিহা কোনে দিব নাচনীক
সোণোৱালী সূতাবোৰে হেৰুৱালে আঁত
বাতি কঢ়াতে জয় পৰিল বিহুৱতী তাঁত
তেজেৰে ৰাঙলী হ’ল বহাগৰ বাট।

সোণালী সূতাৰ গাঁওখন দাউ দাউকৈ জ্বলিছে
শুকান নৰা হৈ জ্বলিছে সপোন

বিশ্বাস আৰু অবিশ্বাসত বাদুলি ওলমা দিছে মনবোৰে

আৰু পঢ়ক:  বাস্তৱ

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “সোণালী সূতাৰ গাঁওখন দাউ দাউকৈ জ্বলিছে”

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts