পুৰণিগুদামৰ কাঠৰ দুৰ্গা প্ৰতিমা আৰু লেৰেলা খনিকৰ

পুৰণিগুদামৰ কাঠৰ দুৰ্গা প্ৰতিমা আৰু লেৰেলা খনিকৰ
  • 26 Sep, 2022

শা ৰদীয় দুর্গোৎসৱ বুলি ক’লেই অসমত বিশেষভাৱে চৰ্চা লাভ কৰি আহিছে নগাঁৱৰ পুৰণিগুদামৰ এখন ঐতিহ্যমণ্ডিত দুর্গোৎসৱে। নগাঁও সদৰৰ পৰা ১৩ কিলোমিটাৰ পূবে পুৰণিগুদামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰু কলং সুঁতিৰ পাৰৰ স্থায়ী পূজা মণ্ডপত উদযাপিত হৈ আহিছে এই দুর্গোৎসৱ। ১৮৮৫ চনৰ পৰা উদযাপিত হৈ অহা এই দুর্গোৎসৱে ২০২২ বৰ্ষত গৰকিলে গৌৰৱোজ্জ্বল ১৩৭টা বছৰ। শতায়ু গৰকা এই পূজাখনৰ লগত জড়িত হৈ আছে স্থানীয় এজন মহান শিল্পী প্রয়াত লেশধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰৰ শিল্পকর্ম।

১৮৮৫ চনৰ পৰা অনুষ্ঠিত এই দুর্গোৎসৱত প্ৰথমে লেশধৰ শৰ্মা সৃষ্ট মৃণ্ময় প্রতিমাত পূজা-অৰ্চনা কৰি অহা হৈছিল। ‘বিজয়াৰ বিফল সন্ধ্যা’ত যেতিয়া মৃণ্ময় প্রতিমাসমূহ উটুৱাই দিয়া হৈছিল, তেতিয়া হয়তো লেৰেলা খনিকৰৰ শিল্পী মনে কান্দি উঠিছিল। হয়তো এনে কাৰণতেই তেওঁ স্থায়ীভাৱে দেৱী প্রতিমা নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিছিল। এনে দূৰদৰ্শী চিন্তাৰ ফলতেই ১৯০০ চনৰ কোনো এক শুভ দিনত তেওঁ নিজ হাতেৰে সাধাৰণ সা-সঁজুলি ব্যৱহাৰ কৰি স্থায়ীভাৱে কাঠৰ দেৱী প্রতিমা নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰিছিল। এনেদৰে তেওঁ এটা বৰ্ষৰ ভিতৰতে কাঠেৰে দেৱী দুৰ্গা, লক্ষ্মী, সৰস্বতী, গণেশ আৰু কাৰ্তিক আদি দেৱ-দেৱীৰ মূৰ্তি আৰু তেওঁলোকৰ বাহনসমূহ কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছিল।

১৯০১ চনৰ পৰা বৰ্তমানলৈকে লেৰেলা খনিকৰ সৃষ্ট এই কাঠৰ দেৱ-দেৱীৰ প্ৰতিমাত পূজা-অৰ্চনা কৰি অহা হৈছে। শিল্পী লেৰেলা খনিকৰ সৃষ্ট কাঠৰ প্ৰতিমাসমূহৰ জোৰাসমূহ ইমানেই নিখুঁত যে সাধাৰণ দৃষ্টিত ধৰা নপৰে। তেওঁ বেল, ঘোঁৰা নিম আৰু আঢ়ৈ গছৰ কাঠেৰে মূৰ্তিসমূহ নিৰ্মাণ কৰি উলিয়াইছিল। উল্লেখ্য যে মূর্তি নিৰ্মাণৰ সময়ত মহিষাসুৰৰ মূৰ্তিৰ বাবে কাঠৰ অভাৱ হোৱাত তেওঁ কলং সুঁতিয়েদি উটি অহা এডাল স্বপ্নপ্ৰদত্ত কাঠৰ দ্বাৰা মূৰ্তি নিৰ্মাণৰ কাম সমাধান কৰিছিল। মূর্তি নিৰ্মাণৰ বিভিন্ন কামত তেওঁ ব্যৱহাৰ কৰিছিল বেলৰ আঠা, উঁই মাটি, ছাগলীৰ লাদ আৰু হেঙুল-হাইতাল। বৰ্তমান সময়ত লেৰেলা খনিকৰৰ আজোনাতি যোগেন শৰ্মাই প্ৰতি বছৰে ৰং-বৰণ সানি প্ৰতিমাসমূহক ন-ৰূপ প্ৰদান কৰি আহিছে।

কাঠৰ দুৰ্গা প্ৰতিমা

পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত দুর্গোৎসৱ উদযাপন সমিতিয়ে ১৯৮৫ চনত দুর্গা পূজাখনৰ শতবার্ষিকী উৎসৱ আৰু শিল্পী লেৰেলা খনিকৰলৈ শ্ৰদ্ধা জনাই ২০০১ চনত কাঠৰ প্ৰতিমাৰ শতবর্ষ উৎসৱ দহ দিনীয়াকৈ উদযাপন কৰে। ভাস্কর্য শিল্পৰ অন্যতম নিদর্শন তথা অসমৰ সাংস্কৃতিক সম্পদৰ মাজত জিলিকি থকা এই কাঠৰ প্ৰতিমা এশ একৈশ বছৰ (১৯০১ চনৰ পৰা) ধৰি উপযুক্তভাৱে সংৰক্ষণ কৰি প্ৰতিটো শৰতত পূজা-অৰ্চনা কৰি অহা হৈছে। জাগ্রত প্রতিমা হিচাপে দুর্গোৎসৱত ভক্তৰ সমাগমেৰে মুখৰিত হৈ উঠে পুৰণিগুদাম। বৰ্তমান সময়ৰ বাহ্যিকতা আৰু জাকজমকতাৰ সলনি সম্পূর্ণ আধ্যাত্মিকতাৰে এই পূজা উদযাপন কৰা হয়। লেৰেলা খনিকৰৰ ভাস্কৰ্য আৰু এই দুর্গোৎসৱ সদায়েই জাকত জিলিকা হৈ থাকক।

আনহাতে, পুৰণিগুদামৰ এই শাৰদীয় দুর্গোৎসৱৰ সময়তেই পুৰণিগুদামত আৰম্ভ হৈছিল অসমৰ প্ৰথমখন শিশু গ্রন্থমেলা। এই শাৰদীয় দুর্গোৎসৱৰ লগত সংগতি ৰাখি ১৯৯৬ চনতে স্থানীয় বাতৰি কাকত বিক্রেতা প্রতিষ্ঠান শৰ্মা বুক এম্প’ৰিয়াম, মাইহাং গোষ্ঠী তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত এই শাৰদীয় শিশু গ্রন্থমেলাখন আৰম্ভ হৈছিল। ‘আপোনাৰ শিশুটিক পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক’— এই বাণীৰে গ্ৰন্থ আন্দোলনৰ সৃষ্টি কৰা এই গ্রন্থমেলাখন ২০০৮ চনৰ পৰা পুৰণিগুদাম প্ৰেছ ক্লাবৰ ব্যৱস্থাপনাত অনুষ্ঠিত কৰি অহা হৈছে। এইবাৰো এই গ্ৰন্থমেলাখন পুৰণিগুদাম প্ৰেছ ক্লাবে আয়োজন কৰিছে। শাৰদীয় বতৰত দুর্গা পূজাৰ আধ্যাত্মিক পৰিৱেশ আৰু গ্ৰন্থৰ সুবাসে পুৰণিগুদামত এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰে।

❧ | আৰু পঢ়ক:

পুৰণিগুদামৰ কাঠৰ দুৰ্গা প্ৰতিমা আৰু লেৰেলা খনিকৰ | জ্যোতিষ্মান শৰ্মা
Follow Nilacharai on Twitter