Home » Archives by category » সম্পাদকীয়

২০১২: পৰ্যৱেক্ষণ আৰু উপলব্ধি

১/ পৰ্যৱেক্ষণ অসমীয়া সাহিত্য জগতত বৈচিত্ৰ্যহীনতাৰে ২০১২ বছৰটো শেষ হ’ল। কথাষাৰ আমাৰ নিজস্ব উন্নাসিক মন্তব্য মাথোন নহয়, উত্তৰ-পূবৰ পৰা প্ৰকাশিত আৰু উত্তৰ-পূব সম্পৰ্কত প্ৰকাশিত গ্ৰন্থৰ আলোচনা আৰু পৰিচয়ৰ বাবে ৰুচিৰা আৰ্টছ ফাউণ্ডেচনে প্ৰকাশ কৰা ‘গ্ৰন্থ পৰিচিতি ২০১১-১২’ নামৰ গ্ৰন্থখনৰ সম্পাদকদ্বয় সঞ্জীৱ সভাপণ্ডিত আৰু অনুজ গোস্বামীৰো (“…গ্ৰন্থ পৰিচিতিৰ বাবে গোট খোৱা শ শ কিতাপলৈ যথেষ্ট আশাৰে […]

ইলেকট্ৰনিক মাধ্যমৰ দ্ৰুত প্ৰসাৰে এটা সময়ত ছপা গ্ৰন্থ বা বাতৰি কাকতৰ ভৱিষ্যৎ অন্ধকাৰ কৰিব বুলি ভবা গৈছিল। পিছে সময়ৰ বাগৰি যোৱাৰ লগে লগে এই আশংকা অমূলক বুলি প্ৰত্যয় দৃঢ় হ'ব লাগিছে। সাম্প্ৰতিক সময়ত দুয়োটা মাধ্যম ইটো সিটোৰ পৰিপূৰক হোৱা আৰু ইটোৱে সিটোক সমৃদ্ধ কৰাৰ যত্ন অব্যাহত ৰখা দৃশ্যমান হৈছে। আমাৰ অসমীয়া ছপা মাধ্যম আৰু ইলেকট্ৰনিক […]

Continue reading …

শাৰদীয়

No Comment

গোষ্ঠী সংঘৰ্ষৰে জৰ্জৰিত অসমলৈও শৰৎ আহে সন্তৰ্পণে। অলেখ উৎকণ্ঠা আৰু উদ্বেগেৰে ভাৰাক্ৰান্ত মনবোৰতো শৰতে সানে পৱিত্ৰতা আৰু স্নিগ্ধতাৰ সুবাস। এতিয়া আহিন। শৰতৰ মেঘমুক্ত নীলা আকাশ, ‘সুখী শেৱালিৰ উৰণীয়া গোন্ধে’ মানুহৰ মন পৰিষ্কাৰ কৰে। আচলতে কৰা উচিত। বেদনাৰ বিষয়, আধুনিক মানুহৰ বাবে বহুক্ষেত্ৰতে পদূলিৰ মূৰত নিশাটো ফুলি পুৱাতে সৰি ৰোৱা শেৱালি এপাহ তুলি ল’বলৈ সময় অথবা […]

Continue reading …

তথ্য বা জ্ঞান সংৰক্ষণৰ বাবে পৰম্পৰাগত আহিলাতকৈ যে ডিজিটেল মাধ্যম বেছি উপযোগী, সেয়া ইতিমধ্যে সকলোৱেই বুজি উঠিছে। পৰম্পৰাগত ছপা গ্ৰন্থ এখনতকৈ যে এটা ৱেবচাইত তথ্য সন্ধানৰ বাবে বেছি সুবিধাজনক আৰু উপযোগী মাধ্যম সেয়া ব্যৱহাৰ কৰোঁতা সকলে অনুভৱ কৰিছে। সেয়েহে ছপা গ্ৰন্থৰ সমান্তৰালকৈ ইণ্টাৰনেটত সেই গ্ৰন্থ উপলব্ধ কৰোৱাৰ এটা অভ্যাস পশ্চিমীয়া দেশত গঢ়ি উঠিছে। সুখৰ কথা, […]

Continue reading …

মাত

No Comment

সাৱলীল ছন্দ আৰু সহজবোধ্যতাৰ পৰৱৰ্তী কালত অসমীয়া কবিতা কিছু ধীমান কবিৰ বৌদ্ধিক কচৰতৰ থলীত পৰিণত হৈ পৰিছিল। ঠিক একে ধৰণৰ কিছু বুদ্ধিমান পাঠকৰ বাহিৰে সাধাৰণ পাঠকৰ পৰা অসমীয়া কবিতা যেন ক্ৰমশঃ দূৰলৈ যাব ধৰিছিল। এনে সময়তে সাধাৰণ মানুহৰ মুখৰ মাত, বুকুৰ স্পন্দন আৰু আন্তৰিক দুহাত কবিতাৰ সোঁৱে-বাৱেঁ লৈ হাজিৰ হৈছিল এক তিৰবিৰ নক্ষত্ৰ— এক ৰণুৱা […]

Continue reading …

অমিয়া শব্দ-সুৰেৰে অসমীয়া গীত-মাতক ঐশ্বৰ্যশালী কৰি যোৱা অসমীয়াৰ দুজন প্ৰাণ-পুৰুষ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদৰ ক্ৰমে জন্ম আৰু মৃত্যু তিথি (১৭ জুন আৰু ২০ জুন) এই কেইদিনতে। অসমজুৰি পালিত হ’ব কলাগুৰুৰ মৃত্যুতিথি। চৰ্চা হ’ব গীত-মাত-কথাৰ। ভাল কথা— এটা কৃতজ্ঞ জাতিৰ চানেকি। অৱশ্যে ঠায়ে ঠায়ে গতানুগতিক উদযাপনলৈ পৰ্যবসিত হোৱাও দেখা যায় এই দিবস পালন। এক প্ৰগতিশীল […]

Continue reading …

শিপা

1 Comment

এটা দৃষ্টিকোণৰ পৰা অসমক সত্ৰ-ৰাজ্য বুলি ক’ব পৰা যায়। শদিয়াৰ পৰা ধুবুৰীলৈ উত্তৰ পাৰ-দক্ষিণ পাৰে সত্ৰৰ পয়োভৰ। সত্ৰসমূহ অসমীয়া সংস্কৃতিৰ ভঁৰালস্বৰূপ। অসমীয়াৰ এছোৱা কালৰ ইতিহাসো সংৰক্ষিত হৈ আছে সত্ৰসমূহত। পিছে সত্ৰসমূহ নিজে কিমান সংৰক্ষিত? কিছু সমৃদ্ধিশালী আৰু সু-পৰিচালিত সত্ৰৰ বিপৰীতে কিছু নিশকতীয়া।   ধৰ্মীয় আৰু আচাৰ-বিচাৰৰ কথাখিনি (চাৰি সংহতি, মহাপুৰুষীয়া, দামোদৰীয়া)ৰ বাহিৰে কিছুমান উমৈহতীয়া (common) […]

Continue reading …

ড. ভূপেন হাজৰিকাৰ গীত নতুন গায়কসকলে অশুদ্ধ উচ্চাৰণেৰে গোৱাৰ প্ৰসঙ্গত সমাজ-সচেতন নিবন্ধকাৰ দেৱেন দত্তই এটা কথা দ্ব্যৰ্থহীন ভাষাত কৈছে যে ড. হাজৰিকাই অসমীয়া ভাষাটো ‘প্ৰায়’ নিখুঁতকৈ উচ্চাৰণ কৰি গৈছে। ড. হাজৰিকাই ‘অশুদ্ধ’কৈ উচ্চাৰণ কৰা দুটা শব্দ উনুকিয়াইছে শ্ৰীযুত দত্ত ডাঙৰীয়াই। সেই দুটা হ’ল— ‘জীৱন’ আৰু ‘ব্যক্তি’। ‘জীৱন’ শব্দটো কেতিয়াবা ‘জীবন’ হিচাপে আৰু কেতিয়াবা প্ৰায় ‘জীয়ন’ৰ […]

Continue reading …

ইণ্টাৰনেটৰ জগতখনত অসমীয়া চেণ্টিমেণ্টযুক্ত কাম-কাজখিনিয়ে খোপনি পোতাৰ প্ৰাথমিক পৰ্যায়টো ক্ৰমে অতিক্ৰম কৰিব ধৰিছে যেন অনুভূত হৈছে। কিন্তু এই কথাও সত্য যে অনেক অসমীয়া নেটিজেন এই নীৰৱ বিপ্লৱ সম্পৰ্কে এতিয়াও অজ্ঞ হৈ আছে। অৱশ্যে এই কথাও সত্য যে সেই পৰিমাণ ক্ৰমশঃ কমিব লাগিছে। ইণ্টাৰনেটত অসমীয়াক সমৃদ্ধ কৰাৰ মানসেৰে কিছু পৰিশ্ৰমী আৰু প্ৰতিভাশালী লোক নিৰৱচ্ছিন্নভাৱে নিয়োজিত হৈ […]

Continue reading …

১ অকণমান ব্যক্তিগত কথাৰে আৰম্ভ কৰোঁ। কেইবছৰমান আগতে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিশুসকলক বিভিন্ন সুকুমাৰ কলাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এক সজাগতামূলক কৰ্মশালাৰ আয়োজন কৰিছিল। গল্প-সাধু, পদ্য-কবিতা, প্ৰবন্ধ-ৰচনা, আবৃত্তি, বক্তৃতা আদি বিষয়ত শিশুসকলৰ ধাউতি বঢ়োৱাৰ বাবে ক’বলৈ বিভিন্ন ব্যক্তিক আমন্ত্ৰণ কৰিছিল। বিগত পোন্ধৰটামান বছৰ ধৰি শিশুসকলৰ লগত কিবা-কিবি কৰি থকাৰ সুবাদতে হয়তো এই অভাজনকো উক্ত […]

Continue reading …