ৰা স্তাত ভৰি দিয়েই বৰুৱানী বাইদেউক দেখি বুকুখন চিৰিংকৈ মাৰিলে। খোজ কঢ়া ন’হব আজি, এখেতৰ কথাৰ সাগৰত সাঁতুৰিবহে লাগিব। তথাপি তেখেতৰ ফালে মুখ নকৰাকৈয়ে খৰ গতিৰে খোজ চলালো। যিজনৰ লগত কথা পাতি আছে, তেওঁৰ দেহৰ অংগী-ভংগী দেখি এনেকুৱা লাগিল যেন জালত পৰা কাৱৈটোৱেহে জাল ফালি ওলাবৰ যত্ন কৰি আছে। মই সাউৎকৈ পাৰ হ’বলৈ ধৰোঁতেই বাইদেৱে চিঞৰি উঠিল— “কি হে হাজৰিকা, ডাঙৰ মানুহ হ’লা!”

মই বোলো— “বাইদেউ, কিয় তেনেকৈ কয়?” “কিয় নক’ম। আজি কিমান দিন হ’ল, তোমাক আমাৰ ঘৰলৈ মাতি থকা! নিজেতো নোযোৱাই, মাতি মাতি তোমাক নিব পৰা নাই।” “বাইদেউ, কিবা কথা আছিল নেকি?” “এইবোৰ কথা বাটত নহয়। ঘৰলৈ যাবা। এতিয়া বেলেগ কথাকে পাতোঁ।”

মই গম পাই গ’লো, বৰুৱানী বাইদেউৰ শব্দৰ শৰাইঘাটৰ দ্বিতীয়জন মোগল সেনা মই। ইমান পৰ বাইদেউৰ হেংদানৰ আগত মূৰটো থৈ বশ্যতাৰ ভংগিমাৰে কথা শুনি থকা মহেন্দ্ৰ ইতিমধ্যে ৰণভংগ সৈনিকৰ দৌৰেৰে প্ৰায় পলাতক।

“সিদিনা কি হ’ল জানা—”, বাইদেৱে বাক্যটো শেষ কৰিবলৈ নৌ পাওঁতেই মই চিৎকাৰ কৰি উঠিলো— “বাইদেউ, সৰ্বনাশ! কলৰ পাৰত মুখ ধোওঁতে ফোনটো তাতে এৰি থৈ আহিলো। এতিয়া বান্দৰমখাই পালে নেফা-নেফ কৰিব।” বাইদেউৰ কথালৈ বাট নেচাই মই আকৌ ঘৰমুৱা হ’লো। বাইদেৱে চিঞৰিলে— “আবেলি আহিবা। নহ’লে তোমাৰ ঘৰ ওলামগৈ।”

চুবুৰিটোত ‘চিকৰা বাইদেউ’ বুলি জনাজাত বৰুৱানী বাইদেউৰ শেষৰ পাত অস্ত্ৰই বুকু ভেদি পেলালে। নাই, বাইদেউক আহিবলৈ দি ঘৰত আকৌ এখন ৰণাংগনৰ সৃষ্টি কৰাতকৈ নিজে যোৱাই ভাল হ’ব।

ৰাতিপুৱাৰ সেই কথাখিনিকে মনত পেলাই এয়া মই বৰুৱানী বাইদেউৰ কলিং-বেলটোৰ সন্মুখত। বেলটো বজাবলৈ লৈ ৰৈ গ’লো। বাইদেৱে তেওঁৰ সহজতে পোৱা কাপোৰখন, মানে বৰুৱাদাক ধুই আছে। বৰুৱাদায়ো হ’ব দিয়াহে, হয় জাতীয় দুটামান শব্দৰে কেৰো-ঘেঁহোকৈ কিবা কৈ আছে। এজন পুৰুষ হৈ আন এজন পুৰুষক ইমানকৈ ধুই থকা সহ্য কৰিব নোৱাৰি কলিং বে’লটো বজাই দিলো। মেল খাই যোৱা দুৱাৰখনেদি সোমাই যোৱাৰ লগে লগেই বৰুৱানী বাইদেৱে চিঞৰি উঠিল— “অ’ তুমি আহিলা! মই আক’ এওঁক কৈহে আছোঁ, আজি হাজৰিকা আহিম বুলি কৈছে। মই বোলো মন কৰিছা যদি আহিবা।”

ইমান এটা মস্ত ফাঁকি মোৰ সন্মুখতে ইমান সলসলীয়াকৈ গাই দিয়াত মই যিমান আচৰিত হ’লো, তাতোকৈ বেছি আচৰিত হ’লো অলপ আগতে থৰ মৰুভূমিৰ নিচিনা উত্তপ্ত হৈ থকা কোঠাটো পলকতে কেনেকৈ কাশ্মীৰৰ দৰে শীতল কৰি পেলালে। বৰুৱাদায়ো ৰেভিনিউ টিকটত লাগি থকা অশোক স্তম্ভটোৰ লেখিয়া ফিক্ম হাঁহি এটা মাৰি ঘৈণীয়েকক সমৰ্থন কৰি গ’ল।

ধৈৰ্য পৰীক্ষাৰ বাবে মই সাজু হ’লো। ইতিমধ্যে বৰুৱানী বাইদেউ দীঘল চোফাখনত মোৰ কাষতে বহি ল’লে। মই কোঠাটোত চকু ফুৰালো। সম্বৰ্ধনাপত্ৰাবৃত কোঠাটোৰ বেৰবোৰ মিউজিয়ামৰ বেৰৰ দৰে লাগিছে।

বঁটা-পৰ্ব

“আহাঁ, চোৱাহি।”— বাইদেৱে মোক জোৰ কৰিয়েই বহাৰ পৰা উঠালে। একান্ত বাধ্য ছাত্ৰৰ দৰে ময়ো বাইদেউৰ পিছ ল’লো। এইবাৰ আৰম্ভ হ’ল সম্বৰ্ধনা পত্ৰবোৰৰ চিনাকি পৰ্ব। বেছিভাগ অনুষ্ঠানৰে নাম আগতে শুনা মনত নপৰে। এপাকত থিয় হ’লো চাৰিওকাষে আইনা লগোৱা সুদৃশ্য শ্ব’কেচটোৰ সন্মুখত। বঁটা-বাহনেৰে ভৰি আছে শ্ব’কেচটো। এতিয়াও বাইদেৱে ক’ত ক’ত সেইবোৰ পাইছিল তাৰ অনৰ্গল কমেন্ত্ৰি দি আছে।

“তুমি এক মিনিট বহাচোন দেই।”— কথাষাৰ কৈয়েই বৰুৱানী বাইদেউ ভিতৰলৈ সোমাই গ’ল। একাপ চাহৰ কাৰণে লক-লকাই থকা মনটো নিমিষতে উজলি উঠিল। কিন্তু বাইদেউৰ হাতত চাহৰ কাপৰ সলনি উঠি আহিল এটা কাগজৰ বাকচ।

“এইটো চোৱা।”— বাইদেৱে বাকচটোৰ পৰা উলিয়াই মোৰ ফালে সুদৃশ্য স্মাৰক এটা আগবঢ়াই দিলে। এইবাৰ মোৰ অবাক হোৱাৰ পাল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অনৱদ্য বৰঙনিৰ বাবে অনুষ্ঠান এটাই বাইদেউলৈ জীৱন-জোৰা সাধনাৰ বঁটা আগবঢ়াইছে। মই এবাৰ স্মাৰকটো আৰু এবাৰ বাইদেউৰ মুখলৈ চালো। বাইদেউৰ মুখখন উজ্জ্বল।

“তুমি বহাচোন। মই খোৱাৰ যোগাৰ কৰোঁ।”

বাইদেউ ভিতৰলৈ যাওঁতে মই মনত পেলাবলৈ যত্ন কৰিলো, মনত ৰাখিব লগাকৈ বাইদেউৰ কি লেখা পঢ়িছিলো। নাই, একোৱেই মনত নপৰিল।

“এইফালে আহাঁ। বৰুৱাদাই বহি থকা সৰু বিছনাখনৰ কাষলৈ মাতিলে। ময়ো গৈ দাদাৰ ওচৰতে বহিলো। দাদাই শুন নুশুনকৈ ক’লে— “বুইছা হাজৰিকা, মানুহজনীয়ে মোক হায়ৰান কৰি দিছে। সেই ‘জীৱনজোৰা’টোত নগদ চল্লিশ হাজাৰ খৰচ হৈছে। শৰাই, গামোচা, চেলেং, ট্ৰফী, গাড়ী ভাৰা— এইবোৰ লৈ পঞ্চাশ মানেই গ’ল।” মই হাঁ কৰি বৰুৱাদাৰ মুখলৈ চালো। “বুইছা, এইবোৰৰ খৰচ চব নিজা। গোটেই সোপাৰ খৰচ উলিয়ালেতো আসাম টাইপ ঘৰ এটাৰ খৰচৰ সমানেই হ’বগৈ।”

চাহ, বিস্কুট, মিঠাইৰ ঠালখন টেবুলত থৈ বৰুৱানী বাইদেৱে মোক খাবলৈ ইংগিত কৰিলে। খাই থাকোঁতেই বৰুৱানী বাইদেৱে দুখৰ কথাবোৰ কৈ গ’ল, কেনেকৈ লগৰবোৰে তেওঁক গুৰুত্ব নিদিয়ে ইত্যাদি। হঠাৎ তেওঁ মোলৈ চাই ক’লে— “তোমাক কিয় মাতিছিলো জানা? তুমিতো তোমালোকৰ ক্লাবৰ প্ৰেছিডেণ্ট। ইচ্ছা কৰিলে তোমালোকেও মোক সম্বৰ্ধনা এটা জনাব পাৰাচোন।”

মই আচৰিত হৈ বৰুৱানী বাইদেউৰ মুখলৈ চালো। বাইদেৱে বাক্যটো শেষ কৰিলে— “টকা-পইচাৰ কথা চিন্তা কৰিব নেলাগে। গোটেই খৰচ ময়ে দিম। চিন্তা কৰিব নেলাগে, তোমাৰ কাৰণে কিবা এটা ৰোৱাকৈয়ে দিম।”

মই বৰুৱানী বাইদেউৰ মুখলে চালো। অলপ আগতে দেখা বগা-ছিগা মানুহজনী যেন পলকতে তাৰকা ৰাক্ষসী হোৱাদি হ’ল। এটা চৰ্চৰণিত মোৰ মুখৰ ভিতৰৰ পৰা ওলাই অহা মিঠাইৰ টুকুৰাই সমুখত থকা বাইদেউৰ ‘জীৱনজোৰা’ত ফুল বাছি পেলালে!

❧ | আৰু পঢ়ক:

বঁটা-পৰ্ব | ভূপেন্দ্ৰ নাথ হাজৰিকা
Follow Nilacharai on Facebook