ভাল খবৰ

প্ৰকাশ: ১৪ ফেব্ৰুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ২৯ নৱেম্বৰ, ২০২১

ই-আলোচনী ‘নীলা চৰাই’ উন্মোচন
কলিয়াবৰঃ ই-জগতত নৱ্য সংযোজন ঘটাই উন্মোচিত হ’ল নতুন ই-আলোচনী ‘নীলা চৰাই’। ১৫ জানুৱাৰীত কলিয়াবৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবালি সত্ৰৰ ভোগালী বিহুৰ হাৰলি ঘৰ (ভেলাঘৰ)ৰ সন্মুখত আলোচনীখনৰ শুভ উন্মোচন কৰে কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্তই। উন্মোচনী অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট মননশীল লেখক ডা. হেমন্ত কুমাৰ গোস্বামী, সমালোচক-প্ৰাবন্ধিক ভূপেন শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মণিমাধৱ মহন্তৰ লগতে কলিয়াবৰ শাখা সাহিত্য সভাৰ কেইবাজনো বিষয়ববীয়া। উন্মোচনৰ অব্যৱহিত সময়ত অনুষ্ঠিত অন্তৰংগ অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে অন্যান্য বিষয়ৰ লগতে ইণ্টাৰনেটত অসমীয়া ব্যৱহাৰ তথা ইউনিকোড সম্পৰ্কত উৎসাহী অংশগ্ৰহণ কৰে।

অধিক ছবি ইয়াত

প্ৰতিবেদক: জয়ন্ত কুমাৰ শৰ্মা, কলিয়াবৰ


সদৌ অসম শিশু নাট প্ৰতিযোগিতা
পুৰণিগুদামঃ অসম নাট্য সন্মিলনৰ পুৰণিগুদাম শাখাই ১৯৯৬ চনৰ পৰা অনুষ্ঠিত কৰি অহা সদৌ অসম শিশু নাট প্ৰতিযোগিতাখনি যোৱা ৩১ জানুৱাৰী তাৰিখে নগাঁও জিলাৰ পুৰণিগুদামৰ বাপুজী ভৱনত অনুষ্ঠিত হৈ যায়। অসমৰ বিভিন্ন প্ৰান্তৰ ১০টি শিশু নাট্যদলে যোগদান কৰা প্ৰতিযোগিতাখনিত গুৱাহাটীৰ ‘নিফটছ’ নাট্যদলে ‘নিগনি দৌৰ’ নাটকেৰে শ্ৰেষ্ঠ নাট্যদলৰ সন্মাল লাভ কৰে। পুৰণিগুদামৰ ‘নাট্যম’ দলে ‘চোলা চিলোৱাৰ গান’ নাটক আৰু ঢেকিয়াজুলিৰ কুঁহিপাত শিল্পী সমাজে ‘বন্ধুত্ব’ নাটকেৰে যুটীয়াভাৱে দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান আৰু গোলাঘাটৰ ‘শিশুৰ ওমলা চৰা’ই ‘আমি ইয়াত আছোঁ’ নাটকেৰে তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰে। প্ৰতিযোগিতাত ‘নিগনি দৌৰ’ নাটকেৰে প্ৰৱীণ শইকীয়াই শ্ৰেষ্ঠ নাট্যকাৰ আৰু শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে।

প্ৰতিবেদক: দুলাল বৰা, পুৰণিগুদাম


img

অসমীয়া ৱিকিপিডিয়া সম্পৰ্কত সজাগতা সভা
তেজপুৰঃ অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অসমীয়া ৱিকি প্ৰকল্পৰ অধীনত দ্বিতীয় অসমীয়া ৱিকিপিডিয়া সন্মিলন যোৱা ১ ফেব্ৰুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিভাগৰ সন্মিলন কক্ষত অনুষ্ঠিত হৈ যায়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ভাৰতীয় ভাষাৰ উপদেষ্টা চিজু এলেক্স, তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিভাগৰ মুৰব্বী উৎপল শৰ্মা, বিশ্বনাথ চাৰিআলিৰ দ্বিজেন মহন্ত উপস্থিত থকা সন্মিলনখনত অধ্যাপক-অধ্যাপিকাকে ধৰি প্ৰায় চাৰিকুৰি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।সন্মিলনৰ উদ্যোক্তা দীপাংকৰ চেতিয়াই উপস্থিত ৰাইজক অসমীয়া ৱিকিপিডিয়াৰ লগত চিনাকি কৰোৱাৰ পিছত ৱিকি প্ৰকল্পসমূহৰ আভাস আৰু লগতে শ্লাইড প্ৰদৰ্শন কৰা হয়।বিশিষ্ট অতিথি চিজু এলেক্সে ইণ্ডিক ৱিকিসমূহৰ বিষয়ে কোৱাৰ লগতে ভাৰতীয় ৱিকিপিডিয়াবোৰৰ তথ্য সন্নিবিষ্ট এখন প্ৰেছেণ্টেশ্যন প্ৰদৰ্শন কৰে। পৰৱৰ্তী সময়ত সন্মিলনৰ অন্যতম উদ্যোক্তা বিষ্ণু শইকীয়াই ৱিকিপিডিয়াত নতুন প্ৰবন্ধ সৃষ্টি কৰা আৰু সম্পাদনা সম্পৰ্কে হাতে-কামে প্ৰদৰ্শন দাঙি ধৰে।আমন্ত্ৰিত অতিথি পল্লৱপ্ৰাণ গোস্বামীয়ে ইউনিক’ডত অসমীয়া লিখাৰ গুৰুত্ব আৰু লগতে বাৰাহা, অভ্ৰ, ইণ্ডিক-ইনপুট আদিৰে অসমীয়া কিদৰে লিখিব পাৰি, সেই সম্পৰ্কে চমু বক্তৃতা আগবঢ়ায়।

অধিক ছবি ইয়াত

প্ৰতিবেদক: বিষ্ণু শইকীয়া, তেজপুৰ


sangha111

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮১তম বাৰ্ষিক অধিৱেশন
কলিয়াবৰঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, মহাপুৰুষৰ সৃষ্ট সাহিত্য-কৃষ্টিৰ প্ৰচাৰ-প্ৰসাৰ, সংৰক্ষণৰ মহান উদ্দেশ্য সাৰোগত কৰি ১৯৩০ চনত জন্ম লাভ কৰা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ৮১তম বাৰ্ষিক অধিৱেশনখন নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ কুঁৱৰীটোলৰ আই কনকলতা ক্ষেত্ৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা ৫, ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত সম্পন্ন হৈ যায়। অধিৱেশনস্থলী আই কনকলতা ক্ষেত্ৰত নিৰ্মাণ কৰা ৫০০ বছৰীয়া পুৰণি আৰ্হিৰ নামঘৰত প্ৰাতঃপ্ৰসংগৰে শুভাৰম্ভ হোৱা চাৰিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা সামূহিক চাফাই, বৃক্ষ ৰোপণ, বিভিন্ন তোৰণ, সেৱাবাহিনীৰ শিবিৰ, আইমাতৃৰ শিবিৰ, ভোজনালয়, প্ৰতিনিধি শিবিৰ, মূল মঞ্চ উদ্বোধনৰ পিছত সন্ধ্যা সাংস্কৃতিক সমাৰোহ আৰু নিশা সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। দ্বিতীয় দিনা সাংগঠনিক সভা, চিত্ৰাংকন প্ৰতিযোগিতা, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দুৱাৰ উন্মোচনৰ পিছতে ড. অমৰজ্যোতি চৌধুৰীয়ে স্মৃতিগ্ৰন্থ ‘অমিয়া মাধুৰী’, ড. ৰবীন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে ‘শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাস’, বুৰঞ্জীবিদ লীলাধৰ বৰাই ‘দাপোণত কলিয়াবৰ’ গ্ৰন্থ উন্মোচন কৰে। দুপৰীয়া আৰু বিয়লি অনুষ্ঠিত হয় সাহিত্য আৰু সংস্কৃতি শাখাৰ অধিৱেশন। অধিৱেশন দুখনত অধ্যাপক ড. দিলীপ বৰা, কলকাতাৰ সাংবাদিক-সাহিত্যিক হিমাংশু চট্টোপাধ্যায়, ড. ৰাতুল চন্দ্ৰ বৰা, মেঘালয়ৰ ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰি, ড. প্ৰদীপজোতি মহন্ত, ড. অনিল শইকীয়া, সাংস্কৃতিক গৱেষক লণ্ডনৰ কমল হাজৰিকাকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। তৃতীয় দিনা পদাধিকাৰ ৰজনীকান্ত দত্তই ধৰ্ম ধ্বজা উত্তোলন কৰাৰ পাছতে উলিওৱা হয় ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। দুপৰীয়া অনুষ্ঠিত হয় প্ৰথম মুকলি অধিৱেশন। অধিৱেশনত গুজৰাটৰ প্ৰাক্তন অধ্যাপক গৌতম পেটেল, অসমৰ গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগ, বনমন্ত্ৰী ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰে। সামৰণিৰ দিনা পুৱা ঠিয় নাম, দিহা নাম, ভোৰতাল নৃত্যৰ প্ৰদৰ্শনৰ পিছতে পদাধিকাৰ ৰজনীকান্ত দত্তৰ সঞ্চালনাত অনুষ্ঠিত হয় দ্বিতীয় মুকলি অধিৱেশন। দ্বিতীয় অধিৱেশনত ড. দেৱব্ৰত শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি মনোজ কুমাৰ বৰুৱা, সাংসদ ৰাজেন গোহাঁই, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰচাৰ সম্পাদক আনন্দ কুমাৰ বৰা, দৰঙৰ মহিমাময়ী কছাৰীয়ে মহাপুৰুষজনাৰ আদৰ্শ আৰু সৃষ্টিকৰ্মৰ ওপৰত আলোকপাত কৰে। উল্লেখযোগ্য যে অধিৱেশনৰ তিনিও নিশা অংকীয়া ভাওনাৰ লগতে সাংস্কৃতিক সমাৰোহ অধিৱেশনস্থলীত প্ৰদৰ্শিত হয়।

আৰু পঢ়ক:  সামাজিক ব্যংগ ‘ট্ৰায়েংগল অৱ চেডনেছ’লৈ কাঁ চলচ্চিত্ৰ উৎসৱৰ সর্বোচ্চ সন্মান

ফটো: ৰূপকমল বৰুৱা
প্ৰতিবেদক: অমূল্য বৰা, কলিয়াবৰ


নীলা চৰাইৰ ‘ভাল খবৰ’ শিতানত বিভিন্ন প্ৰান্তৰ যোগাত্মক বাতৰি পৰিবেশনৰ বাবে আগ্ৰহী ব্যক্তিৰ পৰা আবেদন আহ্বান কৰা হৈছে। আগ্ৰহী ব্যক্তিয়ে নিজৰ নাম, ঠিকনা, ফোন নম্বৰ আৰু অসমীয়া ইউনিক’ড ফণ্টেৰে টাইপ কৰা এটা নমুনা বাতৰিৰে সৈতে [email protected] —এই ঠিকনাত নিজৰ আবেদন প্ৰেৰণ কৰিব পাৰে। —ব্যৱস্থাপক, নীলা চৰাই।

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts